এডুকেচন এমিনেন্স এৱাৰ্ডছ ২০২৬ত “উত্তৰ-পূব ভাৰতৰ সৰ্বাধিক বিশিষ্ট বিশ্ববিদ্যালয়” সন্মানেৰে সন্মানিত ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়

উচ্চ শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অসাধাৰণ অৱদানৰ স্বীকৃতি স্বৰূপে অসম ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ক News18 Assam North East* আৰু Lions Club-ৰ যৌথ উদ্যোগত আয়োজিত Education Eminence Awards 2026-ত সন্মানীয় “Most Eminent University of North East India” বঁটা প্ৰদান কৰা হৈছে।


যোৱা কালি গুৱাহাটীত অনুষ্ঠিত এক গৌৰৱময় অনুষ্ঠানত অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই বঁটা প্ৰদান কৰে। অনুষ্ঠানত অঞ্চলটোৰ বিশিষ্ট শিক্ষাবিদ, নীতি-নিৰ্ধাৰক, শিক্ষা বিশেষজ্ঞ আৰু গণ্যমান্য অতিথিসকল উপস্থিত আছিল। বিশ্ববিদ্যালয়ৰ হৈ এই বঁটা গ্ৰহণ কৰে RGU-ৰ জনসংযোগ বিষয়া ড০ ৰাণী পাঠক দাসে।


সমবেত অতিথিসকলক সম্বোধন কৰি ডাঃ ৰণোজ পেগুৱে শিক্ষাক্ষেত্ৰত উৎকৰ্ষতাৰ স্বীকৃতিৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি কয় যে এনে বঁটাই উচ্চ মানদণ্ড অৰ্জনৰ বাবে প্ৰচেষ্টা চলোৱা শিক্ষানুষ্ঠানসমূহক প্ৰেৰণা আৰু উৎসাহ যোগায়। তেওঁ কয় যে বৰ্তমান সময়ত শিক্ষা কেৱল তথ্য প্ৰদানৰ মাজতে সীমাবদ্ধ থাকিব নোৱাৰে; শিক্ষাই ছাত্ৰ-ছাত্ৰীসকলৰ দক্ষতা, যোগ্যতা আৰু মূল্যবোধ গঢ়ি তুলিব লাগিব যাতে তেওঁলোকে ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহ সফলতাৰে মোকাবিলা কৰিব পাৰে। তেওঁ লগতে News18 Assam North East-ক Education Eminence Awards আৰম্ভ কৰি শিক্ষাক্ষেত্ৰৰ কৃতিত্ব আৰু উদ্ভাৱনক উদযাপনৰ বাবে এক মঞ্চ সৃষ্টি কৰাৰ বাবে প্ৰশংসা কৰে।


বঁটা গ্ৰহণ কৰি ড০ ৰাণী পাঠক দাসে আয়োজকসকলক ধন্যবাদ জ্ঞাপন কৰি উচ্চ শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰত উৎকৰ্ষতা বজাই ৰখাৰ বাবে বিশ্ববিদ্যালয়খনৰ অঙ্গীকাৰ পুনৰ ব্যক্ত কৰে। তেওঁ কয় যে RGU ইতিমধ্যে অঞ্চলটোৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান আৰু উদ্ভাৱনৰ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে আৰু বিশ্ব একাডেমিক মানচিত্ৰত এক উল্লেখযোগ্য স্থান দখল কৰাৰ দিশে দৃঢ়তাৰে আগবাঢ়ি আছে।


তেওঁ কয়, “এই স্বীকৃতিয়ে প্ৰতিভা আৰু উদ্ভাৱনক উৎসাহিত কৰা আৰু অঞ্চলটোৰ ভিতৰতে বিশ্বমানৰ সুযোগ-সুবিধা প্ৰদান কৰা এক শিক্ষামূলক পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত আমাৰ নিষ্ঠাক পুনৰ প্ৰতিষ্ঠা কৰিছে। উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাৰ বাবে বাহিৰলৈ যোৱাৰ প্ৰৱণতা হ্ৰাস কৰাতো RGU-এ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে, কিয়নো ইয়াত দেশৰ শ্ৰেষ্ঠ শিক্ষানুষ্ঠানসমূহৰ সমপৰ্যায়ৰ গুণগত শিক্ষা প্ৰদান কৰা হয়।”
এই বঁটাৰ জৰিয়তে ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ একাডেমিক উৎকৰ্ষতা, গৱেষণা, উদ্ভাৱন আৰু সমাজমুখী কাৰ্যসূচীৰ প্ৰতি অটল অঙ্গীকাৰৰ স্বীকৃতি দিয়া হৈছে।

Leave a Comment

Scroll to Top

Discover more from News NE 365

Subscribe now to keep reading and get access to the full archive.

Continue reading