দেশৰ পাহাৰীয়া অঞ্চলত ১৫০ ফুট উচ্চ জাতীয় পতাকা উত্তোলন কৰা প্ৰথম শিক্ষা প্ৰতিষ্ঠান হিচাপে পৰিগণিত USTM
ৰাষ্ট্ৰীয় গৌৰৱ আৰু দেশপ্ৰেমৰ এক গম্ভীৰ আৰু গৌৰৱময় পৰিৱেশত আজি University of Science & Technology Meghalaya (USTM)-ৰ জ্ঞান উদ্যান (Knowledge Park) চৌহদত ১৫০ ফুট উচ্চ বিশাল জাতীয় ত্ৰিৰংগা উত্তোলন কৰা হয়। USTM ত উত্তোলন কৰা ত্ৰিৰংগা পতাকাই মেঘালয়াৰ সৰ্বোচ্চ জাতীয় পতাকা হিচাপে স্বীকৃতি লাভ কৰিছে।
এই ঐতিহাসিক উত্তোলনৰ জৰিয়তে USTM দেশৰ পাহাৰীয়া অঞ্চলত ১৫০ ফুট উঁচা জাতীয় ত্ৰিৰংগা উত্তোলন কৰা প্ৰথম শিক্ষা প্ৰতিষ্ঠান হিচাপে পৰিগণিত হ’ল। এই গুৰুত্বপূৰ্ণ উদ্যোগটো মুম্বাইস্থিত DK Flag Foundation-ৰ সহযোগত সম্পন্ন কৰা হয়, যি ৰাষ্ট্ৰীয় ঐক্য, দেশপ্ৰেম আৰু যুৱ শক্তি গঢ়ি তোলাৰ প্ৰতি USTM-ৰ অটল অঙ্গীকাৰৰ এক শক্তিশালী প্ৰতীক। DK Flag Foundation-ৰ দল, যাক নেতৃত্ব দিয়ে Dr. Rakesh Bakshi, USTM-ৰ মহিলা NCC কেডেটসকলৰ সৈতে একেলগে আনুষ্ঠানিকভাৱে পতাকাখন উত্তোলন কৰা হয় ।
অনুষ্ঠানটো অধিক গম্ভীৰ আৰু মৰ্যাদাপূৰ্ণ কৰি তোলে ১ম MLP বেটেলিয়নৰ মেঘালয়া আৰক্ষী বেণ্ড ।
লগতে নাৰেংগীৰ SFS স্কুলৰ ছাত্ৰী বেণ্ডৰ মনোমোহা পৰিবেশনে অনুষ্ঠানটো অধিক ৰঙীন কৰি তোলে। জাতীয় সংগীতৰ সময়ত সকলো উপস্থিত ব্যক্তিয়ে একেলগে থিয় হৈ গভীৰ আবেগিক আৰু অনুপ্ৰেৰণাদায়ক পৰিৱেশ সৃষ্টি কৰে।
অনুষ্ঠানটোত উপস্থিত থাকে USTM-ৰ মাননীয় উপাচাৰ্য প্ৰফেছৰ জি. ডি. শৰ্মা; ৰি-ভই জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক শ্ৰী অৰভিল মাচাৰ; CRPF-ৰ DIG শ্ৰী অনিল বিষ্ট; মুম্বাই বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড° সঞ্জয় দেশমুখ; আৰু USTM-ৰ মাননীয় চেন্সেলৰ শ্ৰী মহবুবুল হক। অনুষ্ঠানত ভাষণ দি ড° ৰাকেশ বক্ষীয়ে কয়, “USTM-ত এই বিশাল জাতীয় ত্ৰিৰংগা উত্তোলনৰ সিদ্ধান্ত মই এইকাৰণেই লৈছোঁ, কিয়নো USTM-এ সততা, শৃংখলা, অন্তৰ্ভুক্তি আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ মূল্যবোধ সত্যিকাৰ অৰ্থত প্ৰতিফলিত কৰে।” তেওঁ এই পদক্ষেপক দেশপ্ৰেম জাগ্ৰত কৰাৰ এক গুৰুত্বপূৰ্ণ দিশ বুলি উল্লেখ কৰে।
মুম্বাইৰ উদ্যোগপতি আৰু দেশপ্ৰেমিক ড°ৰাকেশ বক্ষীৰ দ্বাৰা প্ৰতিষ্ঠিত DK Flag Foundation হৈছে এক স্বেচ্ছাসেৱী সংস্থা, যাৰ উদ্দেশ্য হৈছে ভাৰতীয় জাতীয় পতাকাৰ প্ৰতি সন্মান বৃদ্ধি কৰা আৰু নাগৰিকসকলৰ মাজত দেশপ্ৰেমৰ ভাৱ জাগ্ৰত কৰা। সংস্থাটোৱে দেশজুৰি বিভিন্ন গুৰুত্বপূৰ্ণ স্থানত বিশাল পতাকা স্থাপন কৰাৰ লগতে পতাকা বিধিৰ বিষয়ে সচেতনতা সৃষ্টি কৰি আহিছে। ইতিমধ্যে এই সংস্থাই মুম্বাইৰ ৰাজভৱন, মুম্বাই বিশ্ববিদ্যালয়, হাজ হাউচ, ৰত্নাগিৰি কালেক্টৰেট আদি বহু ৰাজহুৱা প্ৰতিষ্ঠানত বিশাল জাতীয় পতাকা স্থাপন কৰিছে।
অনুষ্ঠানত ভাষণ দি মাননীয় চেন্সেলৰ শ্ৰী মহবুবুল হকে DK Flag Foundation-এ USTM-লৈ এই গুৰু দায়িত্ব অৰ্পণ কৰাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে আৰু ইয়াক সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে গৌৰৱৰ বিষয় বুলি মন্তব্য কৰে।
২০১১ চনত স্থাপিত University of Science & Technology Meghalaya (USTM) হৈছে উত্তৰ-পূৰ্ব ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তি ক্ষেত্ৰত প্ৰথম ৰাজ্যিক ব্যক্তিগত বিশ্ববিদ্যালয়। ২০২১ চনত প্ৰথম মূল্যায়ন চক্রত USTM-এ NAAC-ৰ পৰা ‘A’ গ্ৰেড লাভ কৰে। শিক্ষাদান, গৱেষণা, উদ্ভাৱন আৰু সমাজৰ সৈতে সম্পৃক্ততাৰ ক্ষেত্ৰত উৎকৃষ্টতাৰ প্ৰতি USTM সদায় প্ৰতিশ্ৰুতিবদ্ধ, লগতে অন্তৰ্ভুক্তি, টেকসই উন্নয়ন আৰু আঞ্চলিক বিকাশকো উৎসাহিত কৰে।



